কামৰূপ মহানগৰ জিলাৰ ১৯ খন পাহাৰত বাৰিষা কালছোৱাত প্রতিবছৰে হোৱা ভূমিস্খলনত সা-সম্পত্তিৰ উপৰিও বহুজনৰ প্রাণহানি হৈ আহিছে। ই এক গুৰুতৰ সমস্যা হিচাপে দেখা দিছে। কামৰূপ মহানগৰ জিলা প্রশাসনে এই বিষয়ত বিভিন্ন সময়ত ব্যৱস্থা গ্রহণ কৰি আহিছে যদিও বিষয়টো সম্পূর্ণ জনসচেতনতাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। জনসাধাৰণৰ সচেতনতা অবিহনে সমস্যাটো লাঘৱ কৰাটো সম্ভৱ নহয়। সাধাৰণ নাগৰিকে মানি চলিবলগীয়া কেতবোৰ বিষয় জনজ্ঞাতার্থে প্রকাশ কৰা হ'ল। ভূমিস্খলনৰ পূৰ্বে ল’বলগীয়া সাৱধানতা পাহাৰত বা এঢলীয়া ঠাইত গৃহ নিৰ্মাণৰ পৰা বিৰত থাকক। ব্যাপক বৃক্ষৰোপনৰে মাটিৰ গাঁঠনি শক্তিশালী কৰি ভূমিস্থলন ৰোধ কৰক। পাহাৰৰ এঢলীয়া ঠাইত দকৈ মাটি কাটি ঘৰ নিৰ্মাণ নকৰিব। সাধাৰণ বৰষুণতে খহিব পৰা মাটিত যদি আপোনাৰ ঘৰ আছে তেনেহ’লে ভূমিস্খলন ৰোধ কৰি ক্ষতিৰ পৰিমাণ হ্রাস কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰক। আপুনি বাস কৰা এলেকাটোৰ ভূমিস্খলনৰ ইতিহাস অধ্যয়ন কৰক। বিপদসংকুল অৱস্থাত থকা গৃহৰ বাবে প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰক। পাহাৰীয়া পথত সদায় দৃষ্টি আৰু পথৰ ফাঁক আৰু এঢলীয়া অৱস্থান চিনাক্তকৰণৰ প্রয়াস কৰিব। সাধাৰণতে ভূমিস্খলন হৈ থকা, পাহাৰৰ পৰা পানী নামি অহা ঠাই, শৃংগ আকৃতিৰ ঠাই আৰু সম্পূর্ণ এঢলীয়া ঠাইত গৃহ নিমাণ নকৰিব। খাপে খাপে ওপৰলৈ উঠি যোৱা ঠাইত দেৱাল নিৰ্মাণ কৰক। পাহাৰৰ পৰা শিল, বালি, মাটি নামি অহাৰ সম্ভাৱনা থকা ঠাইত বেৰ নিৰ্মাণ কৰক। পাহাৰৰ পৰা স্বাভাৱিকভাৱে নামি অহা পানী ৰোধ কৰি গুহ নিৰ্মাণ কৰিব। ৩.০মিটাৰ (১০ ফুট) অথবা তাতোকৈ বেছি ওখ মাটি কাটিবলগীয়া হ’লে উপযুক্ত কাৰিকৰী বিশেষজ্ঞৰ পৰামৰ্শ লওক। বৰষুণৰ দিনবোৰত মাটি কটা কাম বা মাটি টিলা কৰিব পৰা যিকোনো কাৰ্যৰ পৰা বিৰত থাকক। ভূমিস্খলনৰ সময়ত ল’বলগীয় ব্যৱস্থা ভূমিস্খলন আৰম্ভ হ'লে সেই ঠাইৰ পৰা নিৰাপদ দূৰত্ব অৱস্থান কৰক। পাহাৰৰ পৰা নামি অহা পানীত শিল-বালি-মাটি নামি অহা দেখিলে সাৱধান হ’ব। অস্বাভাৱিক ধৰণৰ শব্দ (শিলৰ শব্দ, গছ ভঙা, পানীৰ তীব্ৰ শব্দ, মাটি ভাঙি অহাৰ শব্দ) শুনিলে সাৱধান হ’ব আৰু বিষয়টো পর্যবেক্ষণ কৰি নিৰাপদ ঠাইত আশ্রয় লব। ভূমিস্খলনৰ পিছত ল’বলগীয়া ব্যৱস্থা ভূমিস্খলন হোৱা ঠাইৰ পৰা আঁতৰি থাকক কাৰণ উক্ত স্থানত পুনৰ ভূমিস্খলন হ'ব পাৰে। ভূমিস্খলনত আহত হোৱা বা মাটিয়ে আগুৰি ধৰা কোনো ব্যক্তি সম্পর্কে কিবা তথ্য আপোনাৰ জনা থাকিলে উদ্ধাৰকাৰী দলক উক্ত তথ্য দি সহায় কৰক। ভূমিস্খলনৰ বাবে ভাঙি যোৱা বিজুলী খুটা বা তাঁৰ, পানীৰ টেংকী, গেছ, পানী সৰবৰাহৰ বাবে থকা পাইপ, ভাঙি যোৱা ৰাস্তা, ভঙা বেৰ সম্পর্কে কিবা তথ্য থাকিলে ততালিকে সংশ্লিষ্ট বিভাগ, উপায়ুক্ত কাৰ্যালয়ৰ নিয়ন্ত্রণ কক্ষ আৰু আৰক্ষী নিয়ন্ত্রণ কক্ষক জনাই দিয়ক। ভূমিস্খলনৰ পিছত পোহনীয়া জীৱ-জন্তু খহি অহা মাটিয়ে আগুৰি ধৰিছে নেকি খবৰ ৰাখক। তথ্যসমূহ উদ্ধাৰকাৰী দলক দি উদ্ধাৰ কাৰ্য্যত সহায় কৰক। মনত ৰাখিব ভূমিস্খলনৰ সম্ভাৱনা থকা ঠাইৰ বাসিন্দাসকলে বেটাৰীচালিত ৰেডিঅ’আৰু টর্চলাইট নিজৰ লগত ৰাখিব। আপুনি ভূমিস্খলনৰ বিষয়ে অৱগত হ’লে ওচৰ-চুবুৰীয়াক ততালিকে খবৰ দিব। প্রশাসনে গ্রহণ কৰা প্রতিটো পদক্ষেপত সহযোগ কৰক। উপৰোক্ত যিকোনো বিষয় প্রশাসনৰ দৃষ্টিগোচৰৰ বাবে যোগাযোগ কৰক উপায়ুক্ত,কামৰূপ মহানগৰজিলাৰ নিয়ন্ত্রণকক্ষৰ নং ১০৭৭ আৰু ০৩৬১-২৭৩৩০৫২ ত ডায়েল কৰিব। আৰক্ষী নিয়ন্ত্রণকক্ষৰ নং ১০০ত ডায়েল কৰিব। যৌথ নং ১০৮ত ডায়েল কৰি আপুনি আৰক্ষী, চিকিৎসালয় তথা অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ক। ই-মেইল: ddma.kamrupm@gmail.com উৎস: কামৰূপ মহানগৰ জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ দ্বাৰা প্রচাৰিত