বিভিন্ন গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু এন্ৰেগাৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত সেইবোৰৰ ভূমিকা তথা দায়িত্বৰ বিষয়ে এই অধ্যায়ত আলোচনা কৰা হৈছে। গুৰুত্বপূৰ্ণ অংশীদাৰসকল হ’ল ১) মজুৰি বিচৰাসকল। ২) গাঁওসভা। ৩) পঞ্চায়তী ৰাজ অনুস্থানসমূহ, বিশেষকৈ গাঁও পঞ্চায়ত। ৪) ব্লক পৰ্য্যায়ৰ আঁচনি বিষয়া। ৫) জিলা আঁচনি সমন্বয়ক। ৬) ৰাজ্য চৰকাৰ। ৭) গ্ৰামোন্নয়ন মন্ত্ৰালয়। গুৰুত্বপূৰ্ণ অংশীদাৰসকলৰ ভূমিকা আৰু দায়িত্বৰ বিস্তৃত বিৱৰণ পৰিশিষ্ট এ-২ ত সন্নিৱিষ্ট কৰা হৈছে। বিভিন্ন পৰ্য্যায়ত পৰিচালনাৰ দায়িত্বৰ বিষয়েও পৰিশিষ্ট এ-৩ ৰ পৰিচালনা মেট্ৰিক্সত উল্লেখ কৰা হৈছে। ২.১ জিলা পৰ্য্যায় ২.১.১ মজুৰি বিচৰাসকল মজুৰি বিচৰাসকলেই হ’ল এই আইনৰ মূল অংশীদাৰ। নিযুক্তি বিচাৰি তেওঁলোকে কৰা দাবীয়েও মূল প্ৰক্ৰিয়াবোৰৰ চালিকাশক্তি। মজুৰি বিচৰাসকলৰ অধিকাৰবোৰ হ’ল: ১) পঞ্জীয়নৰ বাবে আবেদন। ২) জব কাৰ্ড আহৰণ। ৩) কামৰ বাবে আবেদন। ৪) আবেদন জনোৱা কামৰ ক্ষেত্ৰত সময় আৰু ম্যাদ পচন্দ কৰি লোৱা। ৫) আবেদন জনোৱাৰ ১৫ দিনৰ ভিতৰত কামৰ ব্যৱস্থা। ৬) কৰ্মস্থলীত শিশু ৰখাৰ ব্যৱস্থা, খোৱা পানী আৰু প্ৰাথমিক চিকিৎসা সুবিধা। ৭) মাষ্টাৰৰোল পৰীক্ষাৰ লগতে নিজৰ জব কাৰ্ডত অন্তৰ্ভুক্ত নিযুক্তি সম্পৰ্কীয় তথ্য আহৰণৰ অধিকাৰ। ৮) কাম কৰাৰ ১৫ দিনৰ ভিতৰত মজুৰি প্ৰদান। ৯) আবেদন দাখিল অথবা কাম বিচৰাৰ ১৫ দিনৰ ভিতৰত নিযুক্তি প্ৰদান নকৰিলে নিবনুৱা ভাট্টা লাভৰ অধিকাৰ। ২.১.২ গাঁও সভা (জি এছ) এই আইনৰ অধীনত গাঁও সভাক দিয়া অধিকাৰ আৰু দায়িত্ববোৰ হ’ল- ১) এনৰেগাৰ অধীনত সম্পাদন কৰিবলগীয়া কামৰ ক্ষেত্ৰত ই অনুমোদন জনাব। ২) আঁচনি ৰূপায়ণ সন্দৰ্ভত ই সামাজিক হিচাপ পৰীক্ষণ চলাব। ৩) ইয়াৰ উপৰি আঁচনি সন্দৰ্ভত তথ্য আদান-প্ৰদানৰ বাবে গাঁওসভাক এক মঞ্চ হিচাপে ব্যৱহাৰৰ বিষয়েও উনুকিয়াই দিয়া হৈছে। ২.১.৩ গাঁও পঞ্চায়ত (জি পি) গাঁও পৰ্য্যায়ত আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত গাঁও পঞ্চায়ত হ’ল আগশাৰীৰ অনুষ্ঠান। য’ত সংবিধানৰ নৱম অংশ প্ৰযোজ্য নহয়, তেনেক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্যই অধিকাৰ প্ৰদান কৰা স্থানীয় পৰিষদ/কৰ্তৃপক্ষৰ ওপৰত যাৱতীয় দায়িত্ব ন্যস্ত কৰা হ’ব। নিম্নলিখিত কামবোৰৰ ক্ষেত্ৰত গাঁও পঞ্চায়ত দায়বদ্ধ থাকিব ১) কামৰ পৰিকল্পনা। ২) পঞ্জীয়নৰ বাবে আবেদন গ্ৰহণ। ৩) পঞ্জীয়ন আবেদনৰ পুনৰীক্ষণ। ৪) পৰিয়ালৰ পঞ্জীয়ন। ৫) জব কাৰ্ড জাৰি কৰা। ৬) কামৰ বাবে আবেদন গ্ৰহণ। ৭) তাৰিখ সন্নিৱিষ্ট ৰছিদ প্ৰদান। ৮) আবেদন দাখিলৰ ১৫ দিনৰ ভিতৰত নিয়োগৰ সুবিধা আগবঢ়োৱা। ৯) আঁচনি ৰূপায়ণ কৰা। ১০) তথ্য-পাতিসমূহ ভালদৰে ৰখা। ১১) সামাজিক হিচাপ পৰীক্ষণৰ বাবে গাঁওসভা আহ্বান কৰা। ১২) গাঁও পৰ্য্যায়ত আঁচনি ৰূপায়ণ নিৰীক্ষণ কৰা। ২.২ ব্লক পৰ্য্যায় ২.২.১ আঞ্চলিক পঞ্চায়ত (এ.পি) ব্লক পৰ্য্যায়ত গাঁও পঞ্চায়ত পৰিকল্পনাক এক ব্লক পৰিকল্পনা হিচাপে সমৃদ্ধকৰণ আৰু নিৰীক্ষণ তথা চোৱা-চিতাৰ প্ৰতি আঞ্চলিক পঞ্চায়ত দায়বদ্ধ থাকিব। ২.২.২ আঁচনি বিষয়া (পি অ’) ব্লক পৰ্য্যায়ত ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ ক্ষেত্ৰত সমন্বয়ক হিচাপে কাম কৰে আঁচনি বিষয়াই। কামৰ বাবে কোনো ব্যক্তিয়ে আবেদন জনোৱাৰ ১৫ দিনৰ ভিতৰতে নিযুক্তি পোৱাটো নিশ্চিত কৰাই হ’ল আঁচনি বিষয়াৰ প্ৰধান দায়িত্ব। এগৰাকী আঁচনি বিষয়াৰ অন্যান্য গুৰুত্বপূৰ্ণ কামবোৰ হ’ল- ১) গাঁও পঞ্চায়তৰ দ্বাৰা প্ৰস্তাৱিত বাৰ্ষিত উন্নয়ন পৰিকল্পনাৰ পুনৰীক্ষণ। ২) আঞ্চলিক পঞ্চায়তৰ প্ৰস্তাৱসমূহৰ অন্তৰ্ভুক্তি। ৩) সমগ্ৰ প্ৰস্তাৱ ব্লক পৰিকল্পনা হিচাপে একত্ৰীকৰণ আৰু আঞ্চলিক পঞ্চায়তত ইয়াক দাখিল কৰা। ৪) গাঁও পঞ্চায়তৰ নিয়োগৰ সুযোগ আৰু কামৰ চাহিদাৰ মাজত সামঞ্জস্য সাধন কৰা। ৫) কাৰ্য ৰূপায়ণৰ চোৱাচিতা আৰু নিৰীক্ষণ। ৬) অভিযোগ নিষ্পত্তিকৰণ। ৭) গাঁও সভাৰ দ্বাৰা সামাজিক হিচাপ পৰীক্ষণ আৰু তাৰ পৰৱৰ্তী প্ৰক্ৰিয়াৰ নিশ্চিতকৰণ। ৮) সময়মতে নিযুক্তি দিব নোৱাৰিলে নিবনুৱা ভাট্টা প্ৰদান। আঁচনি বিষয়াগৰাকী জিলা আঁচনি সমন্বয়কৰ ওচৰত দায়বদ্ধ থাকিব। ২.৩ জিলা পৰ্য্যায় ২.৩.১ জিলা পঞ্চায়ত জিলা পৰিকল্পনা আৰু শ্ৰমিক বাজেট চূড়ান্ত কৰাৰ লগতে জিলাখনত নিয়োগ নিশ্চিত আঁচনিৰ নিৰীক্ষণ তথা চোৱা-চিতাৰ দায়িত্ব ন্যস্ত থাকিব জিলা পঞ্চায়তৰ ওপৰত। ২.৩.২ জিলা আঁচনি সমন্বয়ক (ডি পি চি) জিলা পঞ্চায়তৰ মুখ্য কাৰ্যবাহী বিষয়া অথবা জিলা উপায়ুক্ত নাইবা উপযুক্ত পদমৰ্য্যদা বিশিষ্ট আন যিকোনো জিলা পৰ্যায়ৰ বিষয়াৰ ওপৰত জিলা আঁচনি সমন্বয়ক দায়িত্ব ন্যস্ত কৰিব। জিলা পৰ্যায়ত আঁচনিখনৰ ৰূপায়ণ উক্ত আইনমতে হোৱাটো নিশ্চিত কৰাই হ’ল জিলা আঁচনি সমন্বয়কৰ সামগ্ৰিক দায়িত্ব। এগৰাকী জিলা আঁচনি সমন্বয়ক দায়বদ্ধ থাকিবলগীয়া কামবোৰ হ’ল: ১) তথ্য সৰবৰাহ। ২) প্ৰশিক্ষণ। ৩) ব্লক আঁচনিবোৰক জিলা আঁচনি হিচাপে সমৃদ্ধকৰণ। ৪) বিভিন্ন প্ৰকল্পবোৰৰ ক্ষেত্ৰত সময়মতে প্ৰশাসনিক আৰু কাৰিকৰী অনুমোদন নিশ্চিত কৰা। ৫) পুঁজি মোকলোৱা আৰু ব্যৱহাৰ। ৬) কামৰ নিৰীক্ষণ, মাষ্টাৰৰোল পুনৰীক্ষণৰ ক্ষেত্ৰত এশ শতাংশ নিশ্চিতকৰণ। ৭) মাহেকীয়া অগ্ৰগতিৰ প্ৰতিবেদন দাখিল। ২.৪ ৰাজ্যিক পৰ্য্যায় ১) ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদ (এছ ই জি চি) এনৰেগাৰ ১২ নং অনুচ্ছেদৰ অধীনত প্ৰতিখন ৰাজ্য চৰকাৰে একোখন ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদ (অথবা ৰাজ্যিক পৰিষদ) গঠন কৰিব লাগিব। আঁচনিখনৰ ৰূপায়ণৰ ক্ষেত্ৰত এছ ই জি চি য়ে ৰাজ্য চৰকাৰক পৰামৰ্শ আগবঢ়োৱাৰ উপৰি আঁচনিখনৰ নিৰীক্ষণ তথা মূল্যায়নো কৰিব। ৰাজ্যিক পৰিষদৰ অন্যান্য কামবোৰ হ’ল- ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনিৰ অধীনত ৰূপায়ণ কৰিবলগীয়া অগ্ৰাধিকাৰমূলক কাম সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ আৰু আইনখনৰ প্ৰথম অনুসূচীৰ অনুচ্ছেদ-১ (ix) ৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিবলগীয়া কামৰ প্ৰস্তাৱত অনুমোদন। বিধানসভাত দাখিলৰ বাবে ৰাজ্যত ৰূপায়িত হৈ থকা ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনি সন্দৰ্ভত এক বাৰ্ষিক প্ৰতিবেদন প্ৰস্তুত কৰিব ৰাজ্যিক পৰিষদে। ২) ৰাজ্য চৰকাৰ দায়বদ্ধ থাকিব ক) আঁচনি সন্দৰ্ভত ব্যাপক প্ৰচাৰ। খ) ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদ গঠন। গ) ৰাজ্যিক নিয়োগ নিশ্চিত পুঁজি গঠন। ঘ) এনৰেগাৰ ৰূপায়ণত পূৰ্ণকালীন তথা উৎসৰ্গীকৃত ব্যক্তিৰ অংশগ্ৰহণ নিশ্চিতকৰণ। বিশেষকৈ গাঁও পঞ্চায়ত সহকাৰী (গ্ৰাম ৰোজগাৰ সহায়ক), আঁচনি বিষয়া আৰু কাৰিকৰী কৰ্মচাৰীবৰ্গ। ঙ) ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনিৰ ক্ষেত্ৰত থকা ৰাজ্যিক অংশৰ পুঁজি সময়মতে মুকলি হোৱাটো নিশ্চিত কৰা। চ) আঁচনিৰ সফল ৰূপায়ণৰ বাবে জিলা আঁচনি সমন্বয়ক আৰু আঁচনি বিষয়াৰ ওপৰত বিত্তীয় আৰু প্ৰশাসনীয় ক্ষমতা অৰ্পণ। ছ) প্ৰশিক্ষণ। জ) কাৰিকৰী সহযোগ আৰু মান নিয়ন্ত্ৰণ ব্যৱস্থাৰ বাবে বৃত্তিগত সংস্থাবোৰৰ মাজত যোগসূত্ৰ স্থাপন। ঝ) ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনিৰ প্ৰক্ৰিয়া আৰু ফলাফল সন্দৰ্ভত নিয়মীয়া পৰ্যালোচনা, নিৰীক্ষণ আৰু মূল্যায়ন। ঞ) সকলো পৰ্যায়তে আঁচনি সন্দৰ্ভত দায়বদ্ধতা আৰু স্বচ্ছতাৰ নিশ্চতি। ২.৫ কেন্দ্ৰীয় পৰ্যায় ১) কেন্দ্ৰীয় নিয়োগ নিশ্চিত পৰিষদ (চি ই জি চি) গ্ৰামোন্নয়ন মন্ত্ৰীক অধ্যক্ষ হিচাপে লৈ এখন কেন্দ্ৰীয় নিয়োগ নিশ্চিত পৰিষদ (অথবা কেন্দ্ৰীয় পৰিষদ) গঠন কৰা হৈছে। এনৰেগা সম্পৰ্কীয় বিষয়ত কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ আগবঢ়োৱাৰ লগতে আইনখনৰ ৰূপায়ণ প্ৰক্ৰিয়াৰ নিৰীক্ষণ তথা মূল্যায়নৰ দায়িত্ব কেন্দ্ৰীয় পৰিষদত। সংসদত দাখিলৰ বাবে এনৰেগাৰ ৰূপায়ণ সন্দৰ্ভত বাৰ্ষিক প্ৰতিবেদনো কেন্দ্ৰীয় পৰিষদে প্ৰস্তুত কৰিব। ২) গ্ৰামোন্নয়ন মন্ত্ৰালয় (এম অ’ আৰ ডি) এনৰেগা ৰূপায়ণৰ ক্ষেত্ৰত গ্ৰামোন্নয়ন মন্ত্ৰালয়ে হ’ল প্ৰধান দায়িত্বশীল মন্ত্ৰালয়। ৰাজ্যিক আৰু কেন্দ্ৰীয় পৰিষদলৈ সময়মতে তথা পৰ্যাপ্ত মাত্ৰাত সম্পদৰ সহযোগ নিশ্চিত কৰাটো এই মন্ত্ৰালয়ৰ দায়িত্ব। প্ৰক্ৰিয়া আৰু ফলাফল সন্দৰ্ভত নিয়মীয়া পৰ্যালোচনা, নিৰীক্ষণ আৰু মূল্যায়নৰ ব্যৱস্থাও এই মন্ত্ৰালয়ে কৰিব লাগিব। ৰূপায়নৰ গুৰুত্বপূৰ্ণ প্ৰসংগত তথ্যৰ ওপৰত দৃষ্টি ৰখা তথ্য সংগ্ৰহৰ বাবে ‘এম আই এছ’ ৰ চোৱাচিতা আৰু পৰিচালনাৰ দায়িত্বও এই মন্ত্ৰালয়ৰ। কাৰ্য সম্পাদনৰ দক্ষতা সম্পৰ্কীয় কেতবোৰ সূচকৰ ভিত্তিক সম্পদক ব্যৱহাৰৰ মূল্যায়নো এই মন্ত্ৰালয়ে সহযোগ আগবঢ়াব। সমগ্ৰ প্ৰক্ৰিয়াবোৰৰ উপযোগিতা তথা স্বচ্ছতা বৃদ্ধিৰ লগতে জনসাধাৰণৰ সৈতে সম্পৰ্কৰ উন্নয়নৰ বাবে তথ্য প্ৰযুক্তি (আই টি) ৰ প্ৰয়োগত মন্ত্ৰালয়ে সহযোগ কৰিব। এনৰেগা ৰূপায়ণৰ সকলো পৰ্যায়তে ৰাইজৰ বাবে স্বচ্ছ আৰু দায়বদ্ধতা ই নিশ্চিত কৰিব। উৎস: অসম চৰকাৰ।