বিবাহ পঞ্জীয়ন কিমান গুৰুত্বপূৰ্ণ, সেই কথা আজি আৰু কাকো বুজাই দিবলগীয়া নহয়। আজিৰ দম্পতীয়েও এই গুৰুত্ব বুজি পায়। কিন্তু নৱ-বিবাহিতসকলেনো কিদৰে বিবাহ পঞ্জীয়ন কৰিব পাৰে, সেই বিষয়ে ইয়াত অৱগত কৰিব বিচৰা হৈছে – পঞ্জীয়ন নিজৰ জিলাৰ বিবাহ পঞ্জীয়কৰ সন্মুখত বিবাহ পঞ্জীয়ন কৰিব লাগে। নিজৰ জিলাৰ নহ’লেও দৰা বা কইনা যদিহে কোনো এঠাইত ৩০ দিনতকৈ বেছি দিন বাস ক ৰে তেন্তে সেই ঠাইৰ পঞ্জীয়কৰ হতুৱাই বিবাহ পঞ্জীয়ন কৰিব পাৰি। পঞ্জীয়নৰ বাবে আবেদন কৰা প্ৰয়োজন। আপোনাৰ আবেদন-পত্ৰখন পঞ্জীয়কৰ কাৰ্য্যালয়ত থকা নোটিচ ব’ৰ্ডত আৰি দিয়া হয়। এনে কৰাৰ উদ্দেশ্য হৈছে যদিহে কাৰোবাৰ কিবা আপত্তি আছে, তেন্তে সেয়া পঞ্জীয়কক জনাব পাৰে। যদিহে ৩০ দিনৰ ভিতৰত কোনো আপত্তি উত্থাপন নহয়, তেন্তে ‘ স্পেচিয়েল মেৰেজ এক্ট ১৯৫৪’ অনুসৰি বিবাহ সম্পন্ন হয়। ক’ৰ্ট মেৰেজ বহুতে আকৌ আদালততে বিবাহ সম্পন্ন কৰে। ইয়াৰ বাবে অধিবক্তা নধৰিলেও হয়। পঞ্জীয়কৰ সন্মুখত দৰা আৰু কইনাৰ ফালৰ পৰা তিনিজন সাক্ষী উপস্থিত থাকিলেই হ’ল। সাক্ষীসকল কোনো এজনৰ পক্ষৰ হ’লেও কথা নাই। আদালত হোৱা বিবাহৰ ক্ষেত্ৰত প্ৰয়োজনীয় তথ্যপাতি হ’ল– বয়সৰ প্ৰমাণপত্ৰ, বাসস্থানৰ প্ৰমাণপত্ৰ, দুখন পাছপ’ৰ্ট আকাৰৰ ফটোগ্ৰাফ। স্পেচিয়েল মেৰিজ এক্ট, ১৯৫৪: পাত্ৰ-পাত্ৰী যদিহে বেলেগ বেলেগ ধৰ্ম বা সম্প্ৰদায়ৰ হয়, তেন্তে হয় নিজৰ ধৰ্মৰ আইন মতে (যেনে : হিন্দু মেৰিজ এক্ট) বিবাহপাশত আৱদ্ধ হ’ব লাগিব নতুবা ‘ স্পেচিয়েল মেৰিজ এক্ট ১৯৫৪’ ৰ শৰণাপন্ন হৈ বিবাহ সম্পন্ন কৰিব পাৰিব। এই আইনৰ দ্বাৰা বিবাহ হোৱাৰ কেইটামান চৰ্ত আছে, সেয়া হ’ল – (ক) বিবাহৰ বাবে ইচ্ছুক যুৱক-যুৱতী দুয়ো বিবাহোপযুক্ত (অৰ্থাত্ ল’ৰাৰ বয়স কমেও ২১ আৰু ছোৱালীৰ কমেও ১৮) হ’ব লাগিব।, (খ) দুয়োপক্ষ পূৰ্বে অবিবাহিত হ’ব লাগিব আৰু দুয়ো কোনো সম্পৰ্কীয় আত্মীয় হ’ব নালাগিব, আৰু (গ) পাত্ৰ কিম্বা পাত্ৰীৰ আৰ্থিক স্থিতি, জাতি নাইবা ধৰ্মৰ গুৰুত্ব এই আইনে কেতিয়াও বিচাৰ নকৰে। উল্লেখযোগ্য যে মুখ্যত: প্ৰেমিক-প্ৰেমিকাই এই আইনৰ যোগেদি নিজৰ বিবাহৰ স্বপ্ন সাকাৰ কৰে। সেয়ে এই আইনখনক ‘লাভ মেৰিজ আইন’ বুলিও কোৱা হয়। অসবৰ্ণ আৰু আন্ত:ধৰ্মীয় বিবাহৰ পক্ষে এই আইনেই একমাত্ৰ ভৰসা। আনুষংগিক কথা বিবাহৰ দিনাই যে বিয়াৰ পঞ্জীকৰণ কৰিব লাগিব, তেনে কোনো ধৰাবন্ধা নিয়ম নাই। যদিহে পিছত বিবাহ পঞ্জীকৰণ কৰিব বিচৰা হয়, তেন্তে তিনিজন সাক্ষী, বিয়াৰ নিমন্ত্ৰণী পত্ৰৰ কপি, ৰেচনকাৰ্ড আৰু বয়সৰ প্ৰমাণপত্ৰ লগত লৈ যাব লাগে। বিয়াখন যদিহে পঞ্জীয়কৰ অধিকাৰ ক্ষেত্ৰ বা ‘জুৰিচডিক্চন’ৰ ভিতৰত পৰে, তেন্তে সাধাৰণ কিছুমান নিয়মৰ মাজেৰে বিবাহ পঞ্জীয়ন হৈ যাব। যদিহে কোনো প্ৰবাসী ভাৰতীয় পুৰুষে নিজৰ প্ৰবাসী পত্নীৰ অজ্ঞাতে মিথ্যাচাৰেৰে ভাৰতীয় যুৱতীক বিবাহ কৰে, তেন্তে সেই স্বামীৰ বিৰুদ্ধে প্ৰতাৰণাৰ গোচৰ তৰিব পৰা যায়। অৱশ্যে পাত্ৰ যদি ইছলাম ধৰ্মাৱলম্বী হয়, তেন্তে মুছলিম পাৰ্ছনেল ল ব’ৰ্ডৰ নিয়ম মতে নাৰীগৰাকীয়ে দ্বিতীয় পত্নীৰ মৰ্য্যাদা পাব পাৰে। বিবাহ পঞ্জীকৰণৰ পিছত নাৰীগৰাকীয়ে পুৰুষৰ উপাধি নামৰ পিছত লেখিব লাগিব বুলি কোনো ধৰাবন্ধা নিয়ম নাই। কোনো নাৰীকে এয়া বাধ্য কৰাব পৰা নাযায়; আকৌ কোনোবাই যদিহে স্বামীৰ উপাধি ল’ব খোজে তেন্তে পঞ্জীয়কক জনোৱাৰো কোনো আৱশ্যক নাই। ইচ্ছা কৰিলে আদালতত এফিডেভিট কৰি ল’ব পাৰে। হিন্দু মেৰিজ এক্ট মতে বিবাহৰ স্বীকৃতি পাবলৈ হ’লে বৈদিক বিবাহ আৰু বিবাহৰ নিয়মবোৰ মানিবই লাগিব, অন্যথা পঞ্জীকৰণত বাধাৰ সৃষ্টি হ’ব। কোনো পুৰুষে যদি বিবাহ বিচ্ছেদিত নাৰীক বিবাহ কৰাব খোজে তেন্তে বিবাহ পঞ্জীয়নৰো একো বাধা নাই; মাথো বিবাহৰ পূৰ্বে লোকজনে এয়া নিশ্চিত কৰিব লাগিব যে তেওঁ যাক বিয়া কৰাব খুজিছে, তেওঁৰ হাতত বিবাহ বিচ্ছেদৰ প্ৰমাণ পত্ৰ আছেনে নাই। যদিহে মহিলাগৰাকীৰ আইনী প্ৰক্ৰিয়ামতে বিবাহ বিচ্ছেদ হৈছে, তেন্তে তেওঁৰ হাতত বিবাহ বিচ্ছেদৰ প্ৰমাণ পত্ৰ থাকিব। যদিহে প্ৰমাণ পত্ৰ নাই তেন্তে বুলিব লাগিব যে তেওঁৰ বিবাহ বিচ্ছেদ আইনী প্ৰক্ৰিয়ামতে হোৱা নাই। কোনো পুৰুষ-মহিলা যদিহে ‘লিভ ইন’ সম্পৰ্কত আৱদ্ধ হৈ থাকে তেন্তে সেই মহিলাগৰাকী পুৰুষজনৰ পত্নীৰ সকলো মৰ্য্যাদা আৰু অধিকাৰ পোৱাৰ যোগ্য বুলি আইনৰ দৃষ্টিত বিবেচিত হ’ব। অলপতে বম্বে উচ্চ ন্যায়ালয়ে এনে এক ৰায় প্ৰদান কৰিছে। বিয়াৰ পিছত নৱ-দম্পতীয়ে পঞ্জীকৰণৰ বাদেও বীমা পলিচী, ছ’চাইটি নাইবা ক্লাব মেম্বাৰশ্বিপ, প্ৰভিডেণ্ট ফাণ্ড, জইণ্ট একাউণ্ট আদিৰ ক্ষেত্ৰত নমিনেচন সালসলনি কৰিলে ভৱিষ্যতে হ’ব পৰা আইনী বেমেজালিৰ পৰা হাত সাৰিব পৰা যাব। লেখিকা: সুবাসনা চৌধুৰী, প্ৰিয় সখী